Lesson 1: Understanding Syllables (শব্দাংশ)
সিল-এবল বা শব্দাংশ কি? (What is a Syllable?)
Syllable (সিলেবল) হৈছে শব্দৰ এক অংশ (ধ্বনি) যাক ভাঙিব পৰা নেযায় (Syllable is a single, unbroken sound unit within a word) । প্ৰতিটো শব্দৰ অতি কমেও এটা শব্দাংশ (ধ্বনি ) থাকে আৰু সাধাৰণতে অতি কমেও এটা vowel sound (স্বৰবর্ণৰ ধ্বনি) থাকে । (Every word has at least one syllable, and a syllable usually contains a vowel sound (স্বৰবর্ণৰ ধ্বনি) such as A, E, I, O, U.
সহজ ভাষাত ক’বলৈ গ’লে, এটা শব্দ উচ্চাৰণ কৰোঁতে কিমানবাৰ মুখত ধ্বনি সৃষ্টি হয়, সেইটোৱে হ’ল syllable.
যেনে: “banana” শব্দটো উচ্চাৰণ কৰোঁতে তিনিবাৰ আৱাজ হয় বা ধ্বনি সৃষ্টি হয় ( ba-na-na ) – গতিকে এইটো তিনিটা syllable থকা শব্দ।
🔹উদাহৰণ (Examples)
১. এটা syllable থকা শব্দ ( One-syllable words )
- Cat (ক্যাট
- Dog (ডগ)
- Sun (চান) আদি ।
২. দুটা syllable থকা শব্দ (Two-syllable words )
- Water (ৱা-টা)
- Teacher (টী-চাৰ)
- Father (ফা-দাৰ)
৩. Three-syllable words (তিনিটা syllable থকা শব্দ
- Family (ফ্যা-মি-লি)
- Banana (ব-না-না)
- Animal (এ-নি-মল)
কেনেদৰে syllable চিনাক্ত কৰিব? (How to Identify Syllables?)
১) চাপৰি বজোৱা পদ্ধতি (Clap Method )
এই পদ্ধতিটোত শব্দটো উচ্চাৰণ কৰি প্ৰতিটো syllable ৰ বাবে এটা চাপৰি বজাই চাব আৰু গণনা কৰিব যাব ।
👉 উদাহৰণ: “Banana” (ব-না-না) → তিনিবাৰ চাপৰি মাৰিব লাগিব।
২) থুতৰিৰ পৰীক্ষা ( Chin Method )
এই পদ্ধতিটোত হাত থুতৰিত (chin) ৰাখি শব্দটো উচ্চাৰণ কৰিব। যিমানবাৰ থুতৰি তললৈ যায়, শব্দটোত সিমানটা syllable থাকে।
👉 উদাহৰণ: “English” (Eng-lish) → থুতনি দুবাৰ তললৈ যায়, সেয়ে এইটো 2-syllable শব্দ।
Syllable কেই প্ৰকাৰৰ ?
Syllableৰ সংখ্যা অনুসৰি ই চাৰি প্ৰকাৰৰ । সেই কেইটা হৈছে-
- Mono Syllable (মন’ সিল-এবল)– যি শব্দৰ Syllable মাত্ৰ এটা । যেনে- moon, ant, cat, book, pen, dog .
- Di Syllable ( দাই সিল-এবল )–যি শব্দৰ Syllable দুটা । যেনে- mango, facebook, twinkle, bamboo, cuckoo.
- Tri Syllable ( ট্ৰাই সিল-এবল )–যি শব্দৰ Syllable তিনিটা । যেনে-bicycle, absolute, amazing, apartment.
- Poly Syllable ( পলি সিল-এবল )–যি শব্দৰ Syllable তিনিটাতকৈ অধিক । যেনে-Beautiful, intelligent, incredible, Encyclopedia.
অনুশীলনী (Practice Exercise )
তলৰ শব্দবোৰ উচ্চাৰণ কৰি syllable গনি চাওকঃ
- 1️ Elephant (এলিফেন্ট)
- 2️ Mango (মেংগো)
- 3️ Beautiful (বিউটিফুল)
- 4️ School (স্কুল)
- 5.Celebration ( চেলিব্ৰেইশ্বন)
💡 উত্তৰ: Elephant (3), Mango (2), Beautiful (3), School (1),Celebration (4)
📌 Syllable কিয় গুরুত্বপূর্ণ? ( Why Are Syllables Important?)
Syllable য়ে
✔️ Pronunciation (উচ্চাৰণ) – সঠিক উচ্চাৰণ শিকাত সহায় কৰে।
✔️ Spelling (বানান) – শব্দ কেনেদৰে বানান কৰিব লাগিব সেইটো সহজে বুজিবলৈ সহায় কৰে।
✔️ Reading (পঢ়া সহজ কৰে) – শব্দবোৰৰ অংশ চিনাক্ত কৰি, পঢ়িবলৈ সহজ কৰে।
Fun Activity (ধেমেলীয়া অনুশীলনী)
👉 আপোনাৰ নামটো উচ্চাৰণ কৰি syllable গনি চাওক! আপোনাৰ নামত কিমান syllable আছে?
Next Lesson (পৰৱৰ্তী পাঠ):
শব্দ কিদৰে syllable অনুযায়ী ভাগ কৰিব? (How to Divide Words into Syllables & Improve Pronunciation )
Stay tuned!