আমাৰ বিষয়ে

Fingertiponlineলৈ স্বাগতম !

এতিয়া অসমীয়া ভাষাতে শিকক কডিং আৰু কম্পিউটাৰ প্ৰগ্ৰেমিং

Fingertiponlineত, আমি বিশ্বাস কৰো যে শিক্ষাৰ পথত ভাষা কেতিয়াও হেঙাৰ হোৱা উচিত নহয় । আমাৰ উদ্দেশ্য হৈছে ঘৰুৱা ভাষাত গুণগত শৈক্ষিক সমল যোগান ধৰি কডিং জগতখন অসমীয়া ভাষীসকলৰ কাষলৈ লৈ যোৱা।

আমাৰ ইয়াত নতুন শিকাৰু এজনে সহজে বুজিব পৰাকৈ পাইথন(Python)ৰ পৰা আৰম্ভ কৰি জাভা(Java),এইচ টি এম এল(HTML),চিএচএচ(CSS) আদি আৰু বহুতো কম্পিউটাৰ লেংগুয়েজৰ প্ৰতিটো কথা ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হৈছে । জটিল কডিং ধাৰণাক ধেমালিলৈ ৰুপান্তৰ কৰি বিষয় সমূহ বোধগম্য কৰিবলৈ চেষ্টা কৰা হৈছে ।

আমাৰ এই অভিযানত যোগ দিয়ক আৰু শিকাৰ প্ৰতি ৰাপ থকা জ্ঞানান্বেষী এখন সমাজৰ অংশীদাৰ হওক । এতিয়া টেকনিকেল জগতখনলৈ আপোনাৰ পৰা মাত্ৰ এটা ক্লিকৰ দুূৰত্ব ।

বৰ্ত্তমান যুগ হৈছে কম্পিউটাৰৰ যুগ । লাহে লাহে ই কৃত্ৰিম বুদ্ধিমত্বাৰ যুগলৈ আগবঢ়িছে । এতিয়া অতি সাধাৰণ লোক এজনৰো কম্পিউটাৰৰ জ্ঞান থকাটো অতি জুৰুৰী হৈ পৰিছে । ৰেলৰ টিকেট বুকিং,হোটেল বুকিং আদি দৈনন্দিনৰ কাম-কাজত ইতিমধ্যে সম্পূৰ্ণৰূপে অনলাইন ব্যৱস্থা প্ৰৱৰ্ত্তন হৈছে। ধনৰ লেনা-দেনা,চাকৰি আদিৰ প্ৰপত্ৰ পূৰণ কৰা আদি কামবোৰ এতিয়া অনলাইনতে হয় । গতিকে কম্পিউটাৰ নেজানিলে এতিয়াৰ যুগত দৈনন্দিন কাম-কাজ চলোৱাটোৱেই মানুহৰ বাবে সমস্যা হৈ পৰিব ।

আৰ্টিফিয়েল ইণ্টেলিজেঞেচে( Artificial Intelligence) এতিয়া অতি দ্ৰুত গতিত পৃথিৱী নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িছে । ঘৰত লগোৱা বিদ্যুত মিটাৰটোৰ পৰা আৰম্ভ কৰি গাড়ীখনলৈকে এ আইয়ে স্থান দখল কৰি লৈছে । কৰ্ম ক্ষেত্ৰ সমূহো এ আইৰ দখললৈ গুছি গৈছে । এতিয়া কি চিনেমা উদ্যোগ,কি শ্বেয়াৰ মাৰ্কেট সকলোতে এ আই । এতিয়া এ আইয়ে গান ৰচে ,গান গায়,ছবি আঁকে । কথা পাতে ,আলোচনাত ভাগ লয় আৰু কত কি ?

সময়ৰ লগত তাল মিলাই আগুৱাবৰ বাবে সেয়ে কম্পিউটাৰৰ জ্ঞান এতিয়া অপৰিহাৰ্য্য ।

মাতৃভাষাত টেকনিকেল জ্ঞান আয়ত্ব কৰাৰ দৰে সহজ একো হ’ব নোৱাৰে । জাপান,চীন আদি দেশ এই দিশত আগৰণুৱা । সেইবোৰ দেশত সকলোবোৰ টেকনিকেল শিক্ষা নিজ মাতৃভাষাত উপলব্ধ । যাৰ ফলত বিষয়টো বুজা আৰু আয়ত্ব কৰাত শিক্ষাৰ্থীৰ বাবে সহজ হৈ পৰে । কিন্তু দুখৰ কথা ভাৰতত আৰু বিশেষকৈ অসমত এজন শিক্ষাৰ্থীৰ টেকনিকেল বিষয় এটাৰ ওপৰত ৰাপ আৰু শিকাৰ আগ্ৰহ থাকিলেও তেওঁ যদি ইংৰাজীত ভাল নহয় তেন্তে সেই বিষয়টো তেওঁ শিকিব নোৱাৰে বা ইংৰাজীত বেয়া হোৱাৰ বাবে শিক্ষানুস্থানত নাম ভৰ্ত্তিয়ে কৰিব নোৱাৰে । যাৰ ফলত প্ৰতিভা আৰু আগ্ৰহ থাকিলেও ইংৰাজী ভাষাৰ দুৰ্বলতাৰ বাবে তেওঁ নিজ পচন্দৰ বিষয় এটা অধ্য়য়ণ কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় ।

দেখা যায় ভাৰতীয় ভাষাত টেকনিকেল শিক্ষাৰ কিতাপ-পত্ৰ অতি কম । অসমীয়া ভাষাত প্ৰায় নোহোৱাৰ দৰে । কম্পিউটাৰ শিক্ষা এক টেকনিকেল শিক্ষা । ইংৰাজী বা অন্য ভাষাত কম্পিউটাৰৰ ওপৰত যিদৰে অলেখ কিতাপ পত্ৰ পোৱা যায়,অসমীয়া ভাষাত প্ৰায় পাবলৈ নোহোৱাৰ দৰে ।

বিষয় এটা এজন শিক্ষকে যি ধৰণে উপস্থাপন কৰে আন এজনৰ উপস্থাপন বেলেগ হয় । এই বিভিন্ন দিশৰ পৰা কৰা বিষয় এটাৰ আলোচনাই বিষয়টো বুজাত শিক্ষাৰ্থীৰ বাবে সুবিধাজনক হয়। অসমীয়াত কেনেবাকৈ ক’ৰবাত দুই এখন কিতাপ পত্ৰ আছে যদিও সি অতি সীমিত । অনলাইনটো অসমীয়া ভাষাত কম্পিউটাৰ শিক্ষাৰ বিষয়ে বিশেষ ৱেৱচাইট নাই বা আছে যদি অতি কম । এই আটাইকেইটা দিশ লক্ষ্য কৰি অসমীয়া ভাষাতে যাতে শিক্ষাৰ্থী আৰু কম্পিউটাৰ শিকিবলৈ আগ্ৰহী লোক এজনে কডিং আৰু কম্পিউটাৰ প্ৰগ্ৰেমিং শিকিব পাৰে সেই উদ্দেশ্য এই ৱেবচাইটো আৰম্ভ কৰা হৈছে । মাতৃভাষাত কম্পিউটাৰ শিক্ষা উপলব্ধ কৰোৱাটোৱে হৈছে Fingertiponline বেৱ চাইটৰ মূল উদ্দেশ্য ।