পাইথন: ইয়াৰ বৈশিষ্ট্য আৰু সুবিধা সমূহ
পাইথন হৈছে এটা উচ্চ পৰ্যায়ৰ(a high-level),ইণ্টাৰপ্ৰিটেড প্ৰগ্ৰেমিং ভাষা(interpreted programming language) । ইয়াৰ সৰলতা আৰু পঠনযোগ্যতাৰ বাবে ই পৰিচিত । যাৰ ফলত ই নবীন আৰু অভিজ্ঞ ডেভেলপাৰ উভয়ৰে মাজত জনপ্ৰিয়। গুইডো ভান ৰছমে( Guido van Rossum) এই ভাষা উদ্ভাৱন কৰিছিল আৰু ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ইয়াক মুকলি কৰা হৈছিল । ইয়াৰ স্পষ্ট বাক্য গঠন(clear syntax, )ৰ বাবে পাইথনে প্ৰায়ে আনবোৰ ভাষাতকৈ বেছি সমাদৰ লাভ কৰিছে । ইয়াৰ চিনটেক্স(syntax) সাধাৰণ ইংৰাজীৰ সৈতে মিল থকা,যাৰ ফলত আন বহু ভাষাৰ তুলনাত পাইথনত ক’ড লিখিবলৈ আৰু বুজিবলৈ সহজ ।
পাইথনৰ মূল বৈশিষ্ট্যসমূহ:
- ব্যাখ্যা কৰা ভাষা(Interpreted Language): আনবোৰ ভাষা যেনে C বা C++ আদিত লিখা ক’ড প্ৰথমে কম্পাইল কৰিব লগা হয় । কম্পাইল কৰাৰ পিছতহে কম্পিউটাৰে কমাণ্ডবোৰ কাৰ্যকৰি কৰিব পাৰে । তাৰপৰিবৰ্ত্তে পাইথনৰ ক’ড কম্পাইল কৰাৰ প্ৰয়োজন নহয় । পাইথন যেনেকৈ লিখা হয় ঠিক সেই ক’ড লাইন-বাই-লাইন এক্সিকিউট কৰা হয় । ইয়াৰ ফলত ডেভেলপাৰসকলে তেওঁলোকৰ ক’ড দ্ৰুতভাৱে পৰীক্ষা আৰু ডিবাগ(ভুল কড বিচাৰি উলিওৱা) কৰিবলৈ সুবিধা হয় যিয়ে প্ৰগ্ৰেম ডেভেলপমেণ্ট দ্ৰুত কৰে।
- উচ্চ-স্তৰৰ ভাষা(High-Level Language): পাইথনে কডিংৰ অনাৱশ্যক জটিল বিৱৰণ সমূহ আঁতৰ কৰি, প্ৰগ্ৰেমাৰসকলক চিস্টেম সম্পদসমূহ(system resources) পৰিচালনা কৰাতকৈ সমস্যা সমাধান কৰাত অধিক মনোনিৱেশ কৰাৰ সুবিধা প্ৰদান কৰে।
- বস্তু-মুখী আৰু কাৰ্য্যকৰী(Object-Oriented and Functional): পাইথনত বস্তু-মুখী(object-oriented), প্ৰক্ৰিয়াগত(procedural), আৰু কাৰ্য্যকৰী প্ৰগ্ৰামিং(functional programming) অন্তৰ্ভুক্ত কৰা হৈছে । ফলত ই একাধিক প্ৰগ্ৰামিং পেৰাডাইম চাপৰ্ট কৰে।(Python supports multiple programming paradigms)
- গতিশীল টাইপিং(Dynamic Typing):আনবোৰ ভাষাত ব্যৱহাৰ হোৱা Variable সমূহৰ ডাটা টাইপ আগতীয়াকৈ ঘোষণা কৰিব লগা হয় । এইটো নকৰিলে কি ধৰণৰ ডাটা Variable সমূহত সঞ্চয় কৰিব লাগিব সেইটো কম্পিুটাৰে নিজে নিৰ্ণয় কৰিব নোৱাৰে । পাইথনত Variable(চলকসমূহ)ৰ data type(তথ্যৰ ধৰণ)ৰ স্পষ্ট ঘোষণাৰ প্ৰয়োজন নাই । তথ্যৰ ধৰণসমূহ(data types) প্ৰগ্ৰেমটো ৰাণ কৰাৰ(runtime) সময়ত অনুমান কৰা হয় । এই ক্ষেত্ৰত পাইথনে অধিক নমনীয়তা(more flexibility) প্ৰদান কৰে । কিন্তু ভুল হোৱাৰ সম্ভাৱনাও ৰৈ যায় । সেয়ে ভুল ব্যৱস্থাপনা(error management)ৰ প্ৰয়োজন।
- বিস্তৃত প্ৰামাণিক লাইব্ৰেৰী(Extensive Standard Library): পাইথন এক সমৃদ্ধ প্ৰামাণিক লাইব্ৰেৰী সৈতে পোৱা যায় ,যি file handling(নথিপত্ৰ নিয়ন্ত্ৰণ), web development(ৱেব বিকাশ), আৰু data manipulation (তথ্য সাল-সলনি) কাৰ্য্যসমূহ সৰল কৰে।
- ক্ৰছ-প্লেটফৰ্ম: পাইথন উইণ্ড’জ(Windows), macOS(মেক ঔএচ), আৰু লিনাক্স(Linux)কে ধৰি একাধিক অপাৰেটিং চিষ্টেমত চলিব পাৰে । এই বহুমুখীতাৰ বাবে পাইথনক বহুলভাৱে গ্ৰহণ কৰা হয়।
- বৃহৎ সম্প্ৰদায় আৰু পৰিৱেশতন্ত্ৰ(Large Community and Ecosystem): পাইথনৰ এটা বৃহৎ আৰু সক্ৰিয় সম্প্ৰদায় আছে, যি তৃতীয় পক্ষৰ লাইব্ৰেৰী আৰু কাঠামো(third-party libraries and frameworks)ৰ এক বিস্তৃত পৰিৱেশ তন্ত্ৰত অৰিহণা যোগাইছে, যেনে web development(ৱেব বিকাশ)ৰ বাবে Django আৰু বৈজ্ঞানিক কম্পিউটিঙৰ বাবে NumPy
পাইথনৰ সৰলতা আৰু ইয়াৰ লাইব্ৰেৰীৰ শক্তিৰ বাবে ইয়াক উদ্ভাৱন কৰোঁতাজন ধন্যবাদ পাবৰ যোগ্য । এই সুবিধা সমূহৰ বাবে ইয়াক সাধাৰণতে web development(ৱেব ডেভেলপমেণ্ট),data science( ডাটা বিজ্ঞান), কৃত্ৰিম বুদ্ধিমত্তা(artificial intelligence), scientific computing(বৈজ্ঞানিক কম্পিউটিং), অটোমেচন(automation), আৰু আন বহুতো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ।