দ্বিতীয় পাঠ: Primary and Secondary syllable

শব্দৰ সৰ্বাধিক আৰু গৌণ উচ্চাৰণ অনুসৰি শব্দ খণ্ডৰ (Syllable) শ্রেণীবিভাগ

শব্দ(Word) এটাত একাধিক শব্দ খণ্ড (syllable) থাকিলে কিছুমান syllable বেছি জোৰকৈ উচ্চাৰণ কৰা হয় আৰু কিছুমান নৰমকৈ উচ্চাৰণ কৰা হয় । এই অনুসৰি, শব্দ খণ্ড(syllable) দুটা ভাগত ভাগ কৰা হয় ।
১. সৰ্বাধিক উচ্চাৰিত শব্দ খণ্ড (Primary Stress – ˈ)

  • কোনো শব্দ( Word)ৰ সৰ্বাধিক শক্তিশালী, দীঘলীয়া আৰু জোৰকৈ উচ্চাৰিত অংশ।
  • এই অংশটো বাকী syllableৰ তুলনাত বেশি উচ্চস্বৰ হয়।
  • চিহ্ন: সৰ্বাধিক উচ্চাৰিত শব্দ খণ্ড (Primary Stress – )-(ˈ) চিহ্নটোৰে দেখুওৱা হয়।
  • উদাহৰণ:
  • comˈputer (কম- পিউ -টাৰ) → পিউ শব্দ খণ্ডত জোৰ দিয়া হয় ।
  • aˈmazing (আ- মেইজ -ইং) → মেইজ শব্দ খণ্ডত জোৰ দিয়া হয় ।
  • beˈlieve (বি- লিভ্ ) → লিভ শব্দ খণ্ডত জোৰ দিয়া হয় ।

২. গৌণ উচ্চাৰিত শব্দ খণ্ড (Secondary Stress – ˌ)

  • প্ৰাথমিক (Primary) stress ৰ পিছত অধিক জোৰ হোৱা অংশক গৌণ উচ্চাৰিত শব্দ খণ্ড কোৱা হয় ।
  • এই syllable টো বেচি উচ্চাৰিত হয় কিন্তু সৰ্বাধিক নহয় ।
  • চিহ্ন: ইয়াক (ˌ) চিহ্নটোৰে দেখুওৱা হয়।
  • উদাহৰণ:
  • ˌteleˈvision (টেলি- ভি-জন) → ভি syllable-ত সৰ্বাধিক stress, কিন্তু টেলি syllable-ত কম stress
  • ˌceleˈbration (সে-লে- ব্রেই-শ্যন) → ব্রে syllable-ত সৰ্বাধিক stress, কিন্তু সে syllable-ত গৌণ stress
  • ˌuniˈversity (ইউ-নি-ভাৰ -চি-টি) → ভাৰ syllable-ত সৰ্বাধিক stress, ইউ syllable-ত গৌণ stress
    ৩. নরম উচ্চাৰিত শব্দ খণ্ড (Unstressed Syllable)
  • কিছুমান syllable একেবাৰে soft বা নৰমকৈ উচ্চাৰিত হয়।
  • সাধাৰণতে, এই syllable schwa /ə/ শব্দৰ দৰে শুনা যায়।
  • উদাহৰণ:
  • banana (বা-না-না) → মধ্যম “না” syllable টো শক্তিশালী, বাকী দুটা নৰম ।
  • family (ফ্যাম -লি) → “ফ্যাম” syllable জোৰকৈ উচ্চাৰিত হয়, “লি” নৰম ।
    অনুশীলনী আৰু ধেমেলীয়া কার্যকলাপ

১. শব্দ খণ্ড(syllable) চিনাক্ত কৰক

  • তলত দিয়া Word বোৰৰ মুখ্য (Primary) আৰু গৌণ (Secondary) syllable চিনাক্ত কৰক । electricity, potato, fantastic, opportunity
  • উদাহৰণ: e-lec-ˈtri-ci-ty–(ই-লেক-ট্রি -চি-টি) → “ট্রি” syllable টো সৰ্বাধিক জোৰকৈ উচ্চাৰিত হয় ।
    ২. খেল: চাপৰি বজোৱা
  • Word টো উচ্চাৰণ কৰক আৰু stressed syllable ত হাত চাপৰি বজাওক ।
  • উদাহৰণ:
  • banana → “না” syllable ত চাপৰি ।
  • celebration → “ব্রে” syllable ত চাপৰি বজাওক ।

Leave a Comment